টিম হিউমেনিটিৰ উদ্যোগত আৰু অৰুণোদয় পুঁথি ঘৰৰ সহযোগত ৰক্তদান শিবিৰ

 09/18/2022 - 19:57

 

লখিমপুৰঃ ৰক্তদান মহান দান, এই কথাকে লক্ষ্য ৰাখি লখিমপুৰ জিলাৰ আগশাৰী স্বেচ্ছাচাৰী সংস্থা টিম হিউমেনিটিৰ উদ্যোগত আৰু অৰুণোদয় পুথি ঘৰৰ সহযোগত আজি এক ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰা হয় হৰিবৰ চাৰিআলিত। প্ৰয়াত অৰূপ লহনৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় এই ৰক্তদান শিবিৰ। প্ৰয়াত মহান ব্যক্তি অৰূপ লহনে চাবিছ বাৰকৈ ৰক্তদান কৰি আহিছিল বিগত সময়ত। আজি তেওঁৰ মৃত্যুবাৰ্ষিক। এই মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা এই ৰক্তদান শিবিৰত ৰক্তদান কৰা প্ৰতিজন ব্যক্তিক একোটাকৈ গছপুলি প্ৰদান কৰে উদ্যোগতাসকলে। প্ৰায় 50 জন ব্যক্তিয়ে ৰক্তদান কৰে আজিৰ এই ৰক্তদান শিবিৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।