জামুগুৰিহাটৰ তেজালপট্টি চাহ-বাগিছাৰ খেল পথাৰত প্ৰথম বাৰ্ষিক অঁত গুৰু কল লাকু বদ্ৰাৰ ১০৩ সংখ্যক জন্মজয়ন্তী উদযাপন

 09/20/2022 - 13:28

 

জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ তেজালপট্টি চাহ-বাগিছা খেল পথাৰত সদৌ অসম "হ" সমাজ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতি তথা প্ৰাথমিক সমিতিৰ সহযোগত প্ৰথম বাৰ্ষিক অঁত গুৰু লাকু বদ্ৰাৰ ১০৩ তম জন্ম জয়ন্তী উদযাপন কৰে। কাৰ্যসূচী মৰ্মে পতাকা উত্তোলন কৰে অঞ্চলৰে সমাজকৰ্মী ললিত বদ্ৰাই। তাৰপিছত স্মৃতি তৰ্পণ, বন্তী প্ৰজ্বলনৰ পিছতে মুকলি সভাৰ মঞ্চ মুকলি কৰে চুৰেণ চাতাৰে। উক্ত অনুষ্ঠানৰ মূখ্য উপদেষ্টা হিচাপে অংশগ্ৰহণ কৰে সুদুৰ উৰিস্যাৰ পৰা অহা ববিপংকজ চিৰ্কা, ঝাৰখণ্ডৰ বিনানন্দ চিৰ্কা আৰু ডিব্ৰুগড়ৰ কেদাৰ জামুদাই। সুদুৰ উৰিস্যাৰ পৰা আমন্ত্ৰিত মূখ্য উপদেষ্টা সকলে ভাষণ প্ৰসংগত কয় যে- " নিজৰ জাতিৰ প্ৰতি আমি সন্মান কৰিলেহে জাতিৰ সংস্কৃতি, মাতৃভাষা জীয়াই থাকিব। নিজৰ মাতৃভাষাক বৰ্তমানৰ নৱপ্ৰজন্মই গুৰুত্বসহকাৰে চৰ্চা কৰিলেহে মাতৃভাষা তথা নিজৰ লিপি জিয়াই থাকিব। অঁত গুৰু  লাকু বদ্ৰাৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোত তেওঁলোকে চৰকাৰী বন্ধ হিচাপে দিবলৈ অসম চৰকাৰক দাবি জনায়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।