গোৱৰ্ধনাত অসম আৰক্ষীত অৰ্হতা লাভ কৰা প্ৰাৰ্থীক ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্বৰ্ধনা

 09/21/2022 - 17:58
 
 
শালবাৰীঃ আজি গোৱৰ্ধনা মণ্ডলৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আৰু ই এম গৌতম দাস, বিজেপিৰ গোৱৰ্ধনা মণ্ডলৰ সভাপতি জয়গুৰু ঘোষ আৰু মথনগুৰি সমষ্টিৰ টি চি এল চি চিৰ সভাপতি বিনয় বৈশ্যৰ সহযোগত ভাৰতীয় জনতা পাৰ্টিৰ গোৱৰ্ধনা মণ্ডল কাৰ্যালয়ত অসম আৰক্ষীৰ বিভিন্ন পদত অৰ্হতা লাভ কৰা মথনগুৰি সমষ্টিৰ ৩০ গৰাকী প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বিটিচিৰ ই এম গৌতম দাস, ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সভাপতি অনিল দাস, গোৱৰ্ধনা মণ্ডলৰ সভাপতি জয়গুৰু ঘোষ, মথনগুৰী পৰিষদীয় সমষ্টিৰ টি চি এল চি চিৰ সভাপতি বিনয় বৈশ্য প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে৷ নাজৰ ভাষনত ই এম গৌতম দাসে কয়যে অসম আৰক্ষীৰ নিযুক্তি স্বচ্ছ, নিকা হোৱাৰ লগতে আৰু ৰাজনৈতিক হস্তক্ষেপ হোৱা নাই৷ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।