কামপুৰ মহাবিদ্যালয়ত হিন্দী দিৱস পালন

 09/22/2022 - 11:58
 
 
কামপুৰঃ বুধবাৰে কামপুৰ মহাবিদ্যালয়ত হিন্দী দিৱস পালন কৰা হয়। হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত হৈ মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ, সভাৰাম মজুমদাৰ হিন্দী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি অঞ্চলৰ হিন্দী প্ৰচাৰক সকলৰ বিষয়ে আলোচনা আগবঢ়োৱা হয়। উক্ত সভাত কেন্দ্ৰীয় ৰাষ্টৃ ভাষা প্ৰচাৰ সমিতিৰ সদস্য অৱসৰপ্ৰাপ্ত শিক্ষক তিলক বৰাক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।বৰাই অধ্যাপক প্ৰশান্ত লস্কৰৰ এখন হিন্দী বিষয়ৰ পুথি। "হিন্দী আৰু অসমীয়া সমান শব্দাৱলী" উন্মোচন কৰে।অনুষ্ঠানত অংকিতা বৰ্মন গায়ত্ৰী পাল ডিম্পীৰবিদাস, আদি ছাত্ৰ-ছাত্ৰীসকলে নৃত্য-গীতৰ লগতে কবিতা পাঠ আৰু বক্তব্যৰ সভাখনত জীপাল কৰি তোলে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।