ঢকুৱাখনাৰ মিনো দাস বৰালৈ NEBCUS তৰফৰ পৰা লোক সংগীত সম্ৰাজ্ঞী বঁটা প্ৰদান

 09/22/2022 - 12:36
 
 
ঢকুৱাখনাঃ নাৰী তুমি অৰ্ধ আকাশ লক্ষ্য হওক পূৰ্ণতাৰ এই বাক্যশাৰী সত্যতা বহন কৰিবলৈকে নাৰী আগবাঢ়ি আহিছে। শিক্ষা, সংস্কৃতি, ক্ৰিয়া, সাহিত্য, কত আজি নাৰী পিছ পৰি ৰৈছে বিভিন্ন ক্ষেত্ৰত উজ্জ্বল জ্যোতিষ্কৰ দৰে তিৰবিৰাই আছে আজি নাৰী। কেৱল ঘৰৰ চাৰিবেৰ অথবা অকল পাকঘৰতে এতিয়া মহিলাৰ পৰিচয় হৈ থকা নাই। বিভিন্ন ক্ষেত্ৰত নাৰীয়ে উচ্চ প্ৰশংসা তথা সন্মান লাভ কৰাৰ সময়তে গুৱাহাটীস্থিত NEBCUS নামৰ সংগঠনটোৱে ঢকুৱাখনাৰ মিনো দাস বৰালৈ লোক সংগীত সম্ৰাজ্ঞী ২০২২ সন্মান প্ৰদান কৰে। ঢকুৱাখনা মিনো দাস বৰাই পূৰ্বেও অসম গৌৰৱ শান্তি সতী ৰাধিকা বঁটা লগতে শেহতীয়াকৈ জ্যোতি চিত্রবনত NEBCUS ৰ পৰা ১৮ ছেপ্টেম্বৰত লোক সম্ৰাজ্ঞী ২০২২ সন্মান পাবলৈ সক্ষম হয়। এই বঁটা লাভ কৰি গৌৰাম্বিত মিনো দাস বৰা৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।