"বন্ধু" ছবিখনৰ ডিজিটেল পোষ্টাৰ ডাউনলোড কৰি লাভ কৰক ১ লাখ টকাৰ পুৰস্কাৰ

 09/22/2022 - 14:06
 
 
 
গুৱাহাটীঃ মহানগৰীত মুকলি হ'ল "বন্ধু" ছবিৰ ডিজিটেল পোষ্টাৰ। ডেমফুল খ্যাত নয়ন নিলিম অভিনীত "বন্ধু" নামৰ ছবিখন চাবলৈ অপেক্ষাৰত ৰাজ্যৰ প্ৰতিজন দৰ্শক। বুধবাৰে ছবিখনৰ ডিজিটেল পোষ্টাৰ মুকলি কৰা হয়। এক বৃহৎ উদ্দেশ্য আগত ৰাখি টিম "বন্ধু"ৱে মুকলি কৰিলে ডিজিটেল পোষ্টাৰ। ডিজিটেল পোষ্টাৰৰ জৰিয়তে ৰাজ্যৰ বানপীড়িতক আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰচেষ্টা হাতত লৈছে টিম "বন্ধু"ৱে। এই পোষ্টাৰখন ডাউনলোড কৰিবলৈ আপোনাৰ প্ৰয়োজন হ'ব ১ টকা। এই ১ টকাকৈ সংগ্ৰহ কৰি ৰাজ্যৰ বানপীড়িত অঞ্চলসমূহত আৰ্থিক সাহায্য প্ৰদানৰ প্ৰচেষ্টা হাতত লৈছে। আনকি এই টকাৰ জৰিয়তে আপুনি লাভ কৰিব পাৰি ১ লাখ টকাৰ পুৰস্কাৰ। বুধবাৰে পোষ্টাৰ মুকলি অনুষ্ঠানত এই কথা ঘোষণা কৰে ছবিখনৰ মুখ্য অভিনেতা নয়ন নীলিমে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.