আদিবাসী চুক্তি সন্দৰ্ভত কংগ্ৰেছ দলৰ সংবাদ মেল

 09/22/2022 - 17:05
 
 
ডুমডুমাঃ ১৫ ছেপ্তেম্বৰ তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যখনৰ ৮ টাকৈ আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা ভাৰত চৰকাৰৰ চুক্তি সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে চুক্তিৰ কেইবাটাও দফাৰ বিৰোধিতা কৰিছে| APCC ৰ সাধাৰণ সম্পাদক তথা ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজে ডুমডুমা প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি চুক্তিৰ সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰে| ৮ টাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিক আদৰণী জনোৱাৰ সমান্তৰালকৈ সম্পাদিত চুক্তিত উল্লেখ কৰা চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ নাম সলনি কৰি আদিবাসী উন্নয়ন আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয় কৰিবলৈ লোৱাটো কংগ্ৰেছ দলে বিৰোধিতা কৰিছে| অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দাবীৰ ভিত্তিত তদানীন্তন তৰুণ গগৈ চৰকাৰে চাহ জনজাতি কল্যাণ সঞ্চালকালয় প্ৰতিষ্ঠা কৰিছিল সেয়েহে বিজেপি চৰকাৰৰ অধিকাৰ নাই নাম সলনি কৰাৰ বুলি ক্ষোভ ওজাৰে ভূমিজে| ইয়াৰোপৰি ১০৮ টা জাতিৰ ভিতৰত ৩৬ টা জাতিক জনজাতি আৰু ২১ টা জাতিক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰা চুক্তিটোৱে চাহ জনগোষ্ঠীৰ সৰহ সংখ্যক উপজাতিৰ মাজত বিভেদৰ সৃষ্টি কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভূমিজে| লগতে চুক্তিত উল্লেখ থকা মতে আদিবাসী উন্নয়নৰ নামত ৫ বছৰৰ বাবে আবণ্টন দিয়া ১ হাজাৰ কোটি টকাৰ বিপৰিতে ৫ হাজাৰ কোটি টকা আবন্টন দিবলৈ, ছহিদ পৰিয়ালক ১ লাখ টকাৰ সলনি ৫ লাখকৈ টকাৰ সাহাৰ্য্য আৰু ১০ বিঘা ভূমিত ছহিদ স্মাৰক নিৰ্মানৰ দাবী জনাই নেতা গৰাকীয়ে| প্ৰকৃতাৰ্থত আদিবাসীৰ উন্নয়ন হোৱাটো বিচাৰিছে যদি ৰাজ্য চৰকাৰখনে সুকীয়াকৈ আদিবাসী ডেভেলেপমেন্ট কাউন্সিল গঠন কৰি পৰ্যাপ্ত পৰিমাণে পূঁজি আবন্টন দিব লাগে বুলি কয় কংগ্ৰেছ নেতা গৰাকীয়ে| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।