লিডুত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

 09/23/2022 - 19:09

 

মাৰ্ঘেৰিটাঃ আজি লিডুত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত জিলা স্বাস্থ্য সমিতি তিনিচুকীয়াৰ উদ্যোগত স্বাস্থ্য সেৱা অভিযানৰ আয়োজন কৰা হয়। এই অভিযানৰ দ্বাৰা লিডু গাঁও পঞ্চায়েতৰ কাৰ্য্যালয়ত অঞ্চলটোৰ প্ৰায় পাঁচ শতাধীক লোকৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়। উক্ত শিবিৰটোত প্ৰসুতি বিভাগ, শিশু বিভাগ, দাঁত, চকু, মানশিক ৰোগ আদি বিভিন্ন ৰোগৰ সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হৈছে। স্বাস্থ্য শিৱিৰটোত মাৰ্ঘেৰিটা অসামৰিক হাস্পতালৰ অভিজ্ঞ চিকিৎসক আৰু লিডু ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ জেষ্ঠ্য চিকিৎশক ডঃ পুলক পাল প্ৰমুখ্য কৰি লগতে উপস্থিত থাকে আঞ্চলিক পঞ্চয়েতৰ সদস্য সুখদেব শৰ্মা, মাৰ্ঘেৰিটা নগৰ সমিতিৰ সদস্য ভীম কৰ্মকাৰ আৰু লিডু মণ্ডল বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলেও এই কাৰ্যসূচীত উপস্থিত থাকি যথেষ্ট সহায় সহযোগিতা আগবঢ়ায়। মুঠ পাঁচশ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লক্ষ্য লৈ এই শিবিৰৰ কাম আৰম্ভ কৰা হৈছিল আৰু উক্ত শিবিৰত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি মন্তব্য কৰে ড০ পুলক পাল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।