চাপৰৰ কৃষ্ণকলি চাহ-বাগিছাৰ খেলপথাৰত আদিবাসীসকলৰ ১৮তম কৰম উৎসৱ উদযাপন

 09/25/2022 - 11:55

 


 চাপৰঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু কৃষ্ণকলি চাহ-বাগিচা, চৈবাৰী চাহ-বাগিচা আৰু চাপৰ চাহ-বাগিচাৰ ৰাইজৰ সহযোগত ধুবুৰী জিলাৰ চাপৰৰ কৃষ্ণকলি চাহ-বাগিচা খেলপথাৰত আদিবাসী সকলৰ ১৮তম কৰম উৎসৱ উদযাপন। কৰম উৎসৱ অসমৰ আদিবাসী জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষি কাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা কোনো ধৰণৰ বাধা নাহে আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত আদিবাসী লোক সকলোৰ পৰম্পৰাগত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে। লগতে আদিবাসী শান্তি-চুক্তি সাক্ষৰকাৰী সকলক আদৰণি জনাই আৰু সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।