নাৰায়ণপুৰৰ বহুপথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিকৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান

 09/25/2022 - 13:18

 

নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ বহুপথাৰ প্ৰাথমিক শাখাৰ আতিথ্যত বহুপথাৰ প্ৰাথমিক শাখাৰ নামঘৰত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্তশংকৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱ উদ্বোধনী অনুষ্ঠান৷ ১৯৭২ চনৰ ২৬ মাৰ্চত গঠিত আঞ্চলিক শাখাৰটোৰ সোণালী জয়ন্তী উদ্ধোধনী অনুষ্ঠানৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সভাপতি নগেন্দ্ৰনাথ বৰুৱাই৷ দিনটোত নাম-প্ৰসঙ্গ, ভাগৱত শোভাযাত্ৰা, সোণালী জয়ন্তী মহোৎসৱৰ স্থায়ী তোৰণ উন্মোচন আৰু তোৰণ দাতাসকলৰ সম্বৰ্ধনা অনুষ্ঠান, প্ৰাথমিক শাখাসমুহৰ ৫০ গৰাকী আইৰ বৰগীত পৰিৱেশন, ৫০ গৰাকী শিশুৰ সমুহীয়া কবিতা আবৃত্তি, বহুপথাৰ প্ৰাথমিক শাখাৰ ৫০ গৰাকী আয়তীৰ দ্বাৰা দিহানাম পৰিৱেশন, ৫০ গৰাকী শিশুৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন, ৫০ গৰাকী বাপৰ দ্বাৰা দিহানাম পৰিৱেশন, বহুপথাৰ প্ৰাথমিক শাখাৰ দ্বাৰা গাণিকা পৰিৱেশন আৰু ৰাতিলৈ “স্যমন্তক হৰণ” ভাওনা পৰিৱেশনেৰে অন্ত পৰিব দিনযোৰা কাৰ্যসূচী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।