আজি ৰহা সমষ্টিৰ কচুৱাত নগাঁও জিলা NSUI ৰ উদ্যোগত যোগদান কাৰ্য্যসূচী

 09/25/2022 - 14:51

 


কামপূৰঃ ৰহা সমষ্টিৰ কচুৱা তিনিআলি জুনীয়ৰ কলেজত আজি নগাঁও জিলা NSUI উদ্যোগত এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলা N SUI সভাপতি পল্লৱ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোত যোগদান। সভাখনত কঠিয়াতলী ব্লক কংগ্ৰেছৰ সভাপতি দাৰদুল ইছলাম ৰহা ব্লক কংগ্ৰেছৰ সভাপতি মুকুট দাস ;জিলা মহিলা কংগ্ৰেছৰ সুখেমাই বড়ো;জিলা কংগ্ৰেছৰ সদস্য ৰুহিনী বৰুৱা ;নগাও জিলা NSUI সম্পাদক শ্বহিদূল ইছলাম ;কঠিয়াতলী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি মুক্তাৰ হুছেইন আদি কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।