নলবাৰীৰ বড়িগাঁৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠান

 09/25/2022 - 15:09

 

নলবাৰীঃ আজি সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ১৯৭ নং বড়িগাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ বোথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠানত সংখ্যালঘু মৰ্চাৰ নেতা চামচুল আলী উপস্থিত।

 

ৰাতিপুৱাৰ পৰা বড়িগাও বোথ বিজেপিৰ কৰ্মীয়ে আয়োজন কৰা মন কি বাতত দীনদয়াল উপাধ্যায়ৰ জন্মদিনৰ লগত সংগতি ৰাখি বড়িগাও প্ৰাথমিক বিদ্যালয়ত এটি গছপুলি ৰোপণ কৰে।

 

ইয়াৰ পিছতে দিনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন ও মাল্ল্যাৰ্পণ কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চামচুল আলী,বড়িগাও বিজেপিৰ বোথ সমিতিৰ সভাপতি তজমিল আলী, সমাজকৰ্মী চফিকুল আলী, বিজেপি কৰ্মী বাবুল আলী, আব্দুল মটিন, আব্দুল লুটফুৰ শ্বাহালমৰ লগতে ভালেসংখ্যক বিজেপি কৰ্মীয়ে।

 

অনুষ্ঠানটো পৰিচালনা কৰে বড়িগাওৰে সমাজকৰ্মী চফিকুল আলীয়ে। ইয়াৰ পিছতে উপস্থিত পুৰুষ মহিলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠান শুনা পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।