সানেকুছি ওজাতোলাত বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ সম্পন্ন

 09/25/2022 - 16:45

 

বাহাৰঘাটঃ সানেকুছি ওজাতোলাত বিনামূলীয়া চকু পৰীক্ষন শিবিৰ সম্পন্ন৷ ৰূপজ্যোতি সংঘৰ উদ্যোগত আৰু শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত অনুষ্ঠিত হয় উক্ত পৰীক্ষন শিবিৰ৷ শিবিৰটোৰ আৰম্ভণিৰ পূৰ্বে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা সমাজকৰ্মী মনিক চন্দ্ৰ কলিতাৰ সঞ্চালনাত এখনি আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়৷ আদৰণি অনুষ্ঠানত গাওঁখনৰ কেইবাজনো বয়সীয়াল তথা বিশিষ্ট ব্যক্তি,সাংবাদিক আৰু শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসক তথা সহকৰ্মীসকলক গামোছাৰে আদৰণি জনাই৷ আদৰণিৰ লগতে শিবিৰটো উদ্বোধন কৰে সমাজকৰ্মী গহীন চন্দ্ৰ কলিতাই আৰু গাঁওখনৰ মৃত ব্যক্তি সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে লোহিত চন্দ্ৰ কলিতাই৷ আদৰণি অনুষ্ঠানৰ আতধৰে গাওঁখনৰে সমাজকৰ্মী অজিত কলিতাই৷ শিবিৰত শতাধিক পুৰুষ মহিলাই চকু পৰীক্ষা কৰে৷উল্লেখ্য যে উক্ত শিবিৰত কোনো লোকৰ চকুৰ কেতেৰেগ অপাৰেচন কৰিব লাগিলে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব বুলি সংঘৰ তৰফৰ পৰা জানিব দিছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।