ৰঙিয়াত প্ৰজ্ঞা ফাউণ্ডেচন কামৰূপ জিলাৰ উদ্যোগত জিলা ভিত্তিত ‘বন্দে মাতৰম গীত’ত দলীয় নৃত্য প্ৰতিযোগিতা

 09/25/2022 - 18:21

 

ৰঙিয়াঃ প্ৰজ্ঞা ফাউণ্ডেচন কামৰূপ জিলাৰ উদ্যোগত জিলা ভিত্তিত বন্দে মাতৰম গীতত দলীয় নৃত্য প্ৰতিযোগিতা ৰবিবাৰে ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হয়। ৰঙিয়া মহকুমা সংঘ পৰিচালক খগেন শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ পিচতে নৃত্য প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কমৰূপ জিলা সংঘ পৰিচালক ৰজত ভৰালীয়ে। মুঠ চ'টাকৈ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতিৰ বটাঁ বিতৰণী সভাত উপস্থিত থাকি অভিনেত্ৰী প্ৰাঞ্জনা দত্তই উপস্থিত থাকি গুৰুপুজনৰ ওপৰত সুন্দৰ বক্তব্য ৰাখে। অভিনেত্ৰী গৰাকীৰ লগতে কামৰূপ জিলা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দিগন্ত দাসে বিজয়ী দলক বটাঁ প্ৰদান কৰে। ৰঙিয়া মহকুমাৰ চ'টা সংগীত একাডেমী ক্ৰমে এ,জি ডেঞ্চ ৰঙিয়া, নটৰাজ ডেঞ্চ একাডেমী বালিসত্ৰ, সংগীত কানণ বাইহাটা চাৰিআলি, প্ৰণয় ডেঞ্চ একাডেমী ৰঙিয়া, নটৰাজ ডেঞ্চ একাডেমী বাইহাটা চাৰিআলি, নুপুৰ ডেঞ্চ গ্ৰুপ ডিমু অংশ গ্ৰহণ কৰে। প্ৰতিযোগী দল সমুহৰ ভিতৰত প্ৰথম স্থান দখল কৰে নটৰাজ ডেঞ্চ গ্ৰুপ বালিসত্ৰ, দ্বিতীয় স্থান লাভ কৰে নটৰাজ ডেঞ্চ একাডেমী বাইহাটা চাৰিআলি আৰু তৃতীয় স্থান লাভ কৰে এ,জি ডেঞ্চ একাডেমী ৰঙিয়া। উল্লেখযোগ্য যে বিজয়ী প্ৰথম আৰু দ্বিতীয় দলদুটা অহা এক অক্টোবৰত গুৱাহাটী কলাক্ষেত্ৰত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।