জামুগুৰিহাটৰ উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান ও পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন পালন

 09/25/2022 - 20:19

 

 

জামুগুৰিহাটঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে নদুৱাৰ মণ্ডল বিজেপিৰ অধিনষ্ঠ উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়তৰ ৯৫ নং পানীগাঁও (ক)বুথ সমিতিত আজি মনকী বাত অনুষ্ঠানৰ লগতে পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উদযাপন কৰা হয়৷

 

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে আজি পুৱা চামধৰা ৰাজ্যিক পশু চিকিৎসালয় চৌহদত এক বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ণ কৰে বুথ সমিতিৰ সদস্যসকলে৷

 

ইয়াৰ পিচতে চামধৰা পানীগাঁৱৰ উচমান আলিৰ বাসভৱনত দুই শতাধিক মহিলা তথা ৰাইজৰ উপস্থিতিত আয়োজিত মনকী বাত অনুষ্ঠানৰ আঁত ধৰে বুথ সমিতিৰ সভাপতি বিজিত হাজৰিকাই৷

 

পণ্ডিত দীন দয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিজেপিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নোমল শইকীয়াই৷

 

১৯১৬ চনৰ ২৫ চেপ্তেম্বৰ মথুৰাত জন্ম লাভ কাৰা পণ্ডিত দীন দয়াল উপাধ্যায়ৰ শিক্ষা আৰু ৰাজনৈতিক জীৱন বৃত্তান্তৰ সন্দৰ্ভত আলোকপাত কৰে বিজেপি মহিলা মৰ্চাৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা তথা অৱসৰী প্ৰধান শিক্ষয়িত্ৰী লাহৰী বৰা হাজৰিকাই৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।