গৌৰীপুৰ থানা এলেকাৰ পূজা মণ্ডপ পৰিচালনা সমিতি আৰু জিলা প্ৰশাসনৰ সজাগতা সভা

 09/27/2022 - 19:10

 

গৌৰীপুৰঃ দুৰ্গা পূজাৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি পূজা মণ্ডপ পৰিচালনা সমিতিৰে এখন সভা অনুষ্ঠিত কৰে ধুবুৰী জিলা প্ৰশাসনে। গৌৰীপুৰ থানা এলেকাৰ প্ৰায় অৰ্ধশতাধি পূজা কমিটিৰ লগত আজি মত বিনিময় কৰে জিলা প্ৰশাসনে।

 

গৌৰীপুৰ পৌৰসভা কাৰ্যালয়ত আজি অনুষ্ঠিত সভাখনত উপস্থিত থাকে ধুবুৰী জিলা অতিৰিক্ত জিলা উপায়াক্ত নিত্যাবিনোদ ৱাৰী,ধুবুৰী সদৰ DSP বিদ্যুত বিকাশ বৰা ভূঞা, গৌৰীপুৰ থানাৰ OC ৰিতু জ্যোতি নাথ ,গৌৰীপুৰ বৈদ্যুতিক উপ সংমণ্ডল বিষয়া,প্ৰমূখ্যে স্থানীয় বিশিষ্ট ব্যক্তি সকল।

 

গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী জয়া বিশ্বাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত অতিৰিক্ত জিলা উপায়াক্ত‌ই পূজা পৰিচালনা সমিতি সমূহক বহু কেইটা নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনায়। প্ৰতিখন পূজা মণ্ডপত ছিছি টিভি লগোৱাৰ নিৰ্দেশ দিয়ে অতিৰিক্ত উপায়াক্ত গৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।