বৰপেটাৰ পাটবাউসী সত্ৰ দৰ্শন বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ

 09/27/2022 - 19:33
 
 
 
 
বৰপেটাঃ শ্ৰীমন্ত শংকৰগুৰুজনাই উজনি ত্যাগ কৰি বৰপেটালৈ আহি পাটবাউসীত সত্ৰ পাতি ১৮ বছৰ ৬ মাহ কাল নিৱাস কৰা পাটবাউসী সত্ৰত বিশিষ্ঠ সাহিত্যিক য়েছে দৰজে ঠংচি উপস্থিত হৈ সত্ৰখনত সেৱা জনায়।
 
অসম সাহিত্য সভাৰ সভাপতি হিচাপে বিশিষ্ঠ সাহিত্যিক য়েছে দৰজে ঠংচিৰ নাম চৰ্চালৈ অহাৰ পিচতে সাহিত্যিক গৰাকীয়ে বৰপেটালৈ আহি গুৰুজনাৰ ওচৰত সেৱা জনায়।
 
ইপিনে অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে দৰমহাৰ পৰা বঞ্চিত হৈ থকা আৰু তাৰ বাবেই সাহিত্য সভাৰ একাংশ কৰ্মচাৰীয়ে কাৰ্যালয়টো তলাবন্ধ কৰি দিয়া সম্পৰ্কেও মন্তব্য কৰে। 
 
অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় তলাবন্ধ কৰি দিয়াটো লাজ লগা কথা। সভাৰ বিত্তীয় সংকট আতৰোৱাৰ বাবে অসমৰ ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান৷ সভাৰ এই সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিবলৈকো অসমৰ ৰাইজলৈ আহ্বান সাহিত্যিকগৰাকীৰ। তেতিয়া হয়তো চৰকাৰে ধন মোকলাই দিব পাৰে৷
 
ইপিনে অসমৰ প্ৰব্ৰজন সমস্যা সম্পৰ্কেও মন্তব্য বিশিষ্ঠ সাহিত্যিক য়েছে দৰজে ঠংচিৰ। অৰুণাচলত ইনাৰ লাইন পাৰ্মিট চলি থকাৰ বাবেই অৰুণাচল সুৰক্ষিত হৈ আছে। অসমত নাই বাবে বহিৰাগত‌ই অসমৰ ভূমি অধিগ্ৰহণ কৰিব পাৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।