09/29/2022 - 14:05
in
কামপুৰঃ দুৰ্গাপূজাক লৈ সকলোতে উখল-মাখল হৈ থকাৰ সময়তে আজি নগাঁও জিলাৰ কঠিয়াতলীত এটা দুৰ্গা মন্দিৰৰ স্থায়ী মণিকূট ভাগৰ শুভাৰম্ভ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। উল্লেখ্য যে তিৱা স্বায়ত্ব পৰিষদৰ অধিনষ্ঠ নামবৰ লালুঙগাঁও তিৱা স্বায়ত্ব পৰিষদীয় সমষ্টিৰ নামবৰ গাঁৱত থকা এই দুৰ্গা মন্দিৰৰ মণিকূট ভাগৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভাৰম্ভ কৰে বিধায়ক গোস্বামীয়ে।
তিৱা স্বায়ত্ব পৰিষদৰ২০২০-২১ বৰ্ষৰ দহ লাখ টকা পুঁজিৰে এই দুৰ্গা মন্দিৰৰ মণিকূট নিৰ্মাণ কৰা হৈছে। আজি এই অনুষ্ঠানত উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ; তিৱা স্বায়ত্ব পৰিষদৰ সদস্য ইন্দ্ৰ বৰদলৈ; কঠিয়াতলি মণ্ডল বিজেপিৰ সভাপতি চন্দন বৰা ;কঠিয়াতলি মণ্ডল বিজেপিৰ সম্পাদক ৰূপাঙ্কৰ বৰদলৈ আদি উপস্থিত থাকে।