জামুগুৰিহাটৰ মঙ্গলবৰীয়াত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

 09/30/2022 - 16:22
 
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ মঙ্গলবৰীয়া সামুহিক ভৱনত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ(RSS)ৰ উদ্যোগত অনুষ্ঠিত হয় বিনামূলীয়া চিকিৎসা শিবিৰ৷ আৰ,এচ,এচৰ নদুৱাৰ খণ্ডৰ সৌজন্যত, মদন হোমিঅ'ৰ দ্বাৰা উত্তৰ মুঢ়াদল মণ্ডলৰ সহযোগত আয়োজিত বিনামূলীয়া চিকিৎসা শিৱিৰত বিশেষজ্ঞ চিকিৎসক সকলে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰে৷
 
এই চিকিৎসা শিৱিৰটো আনুষ্ঠানিকভাৱে পুৱা শুভ উদ্বোধন কৰি মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে কয়- এনে ধৰণৰ চিকিৎসা ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলৰ দুখীয়া নিচলা ৰাইজ উপকৃত হব৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই যি ব্যৱস্থা হাতত লৈছে সেইয়া প্ৰশংসনীয়৷
 
বিনামূলীয়া চিকিৎসা শিৱিৰটিত চিকিৎসা সেৱা প্ৰদান কৰা সকলো চিকিৎসক, চিকিৎসা কৰ্মীক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্যগৰাকীয়ে৷ উক্ত চিকিৎসা শিৱিৰ অনুষ্ঠানত উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, অঞ্চলৰে জ্যেষ্ঠ সমাজকৰ্মী প্ৰবিন দাসৰ লগতে বহুকেইজন গন্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।