লখিমপুৰৰ কৰুণাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পুষ্টিকৰ খাদ্য ৰন্ধন(ৰেচিপি) প্ৰতিযোগিতা

 09/30/2022 - 17:17
 
লখিমপুৰঃ বিভিন্ন ধৰণৰ থলুৱা পিঠা-পনাৰ পৰা আৰম্ভ কৰি সেউজীয়া শাক-পাচলি, মাছ-মাংস, কেঁচা সামগ্ৰী,‌ ফল মূল আদিৰ সম্ভাৰে ভৰি পৰে এই প্ৰতিযোগিতাত। কৰুণাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা অংগনাবাৰী কর্মী-সহায়িকা সকলৰ দ্বাৰা অনুষ্ঠিত এই পুষ্টিকৰ খাদ্যৰ ৰন্ধনৰ প্ৰতিযোগিতা। শিশুসকল, গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ মাজত পুষ্টিহীনতা বৃদ্ধিৰ ৰোধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কৰুণাবাৰী শিশু উন্নয়ন প্ৰকল্পই। লগতে অংগনাবাৰী কেন্দ্ৰ সমূহত শিশু সকলক কেনে ধৰণৰ খাদ্যাভ্যাস গঢ়ি তুলিব লাগে তাৰেই নিৰীক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিশু উন্নয়ন প্ৰকল্প সমূহে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।