10/01/2022 - 18:03
in
ৰঙিয়াঃ স্বচ্ছতাই মূল লক্ষ্য, এই উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে দুটাকৈ সমষ্টিৰ পূজা মণ্ডপ সমূহত বিতৰণ কৰিলে ডাষ্টবিন। জাতীয়তাবাদী যুৱ পৰিষদৰ দলটোৱে প্ৰথমে ৰঙিয়া জিলা সমিতিৰ অধিনত পুঠিমাৰী বাৰোৱাৰী পূজা মণ্ডপত ডাষ্টবিন বিতৰণৰ কাম শুভ আৰম্ভণি কৰে। ইয়াৰ পিচতে কমলপুৰ সমষ্টিৰ কেইবাখনো পূজা মণ্ডপত ডাষ্টবিন বিতৰণ কৰি ৰঙিয়া সমষ্টিৰ কেইবাখনো পূজাত ডাষ্টবিন বিতৰণ কৰে সংগঠনটোৱে। পূজাৰ সময়ত বা পুজাৰ পিচত যি ঠাইত পূজা অনুষ্ঠিত হয় সেই ঠাইখিনি জাবৰৰে সম্পূৰ্ণৰূপে ভৰ্ত্তি হৈ অস্বাস্থ্যকৰ পৰিবেশ হৈ যায়। তেনে এক সময়তে জাতীয়তাবাদী যুৱ পৰিষদে এনেদৰে পুজা সমিতিসমুহক ডাষ্টবিন প্ৰদান কৰা কাৰ্য্যক সকলোৱে প্ৰসংশা কৰিছে।