নলবাৰী জিলাৰ বিকলাংগ সন্থাৰ সাধাৰণ সভা

 10/02/2022 - 16:07
 
 
 
 
 
 
নলবাৰীঃ সদৌ অসম বিকলাংগ সন্থাৰ অৰ্ন্তগত নলবাৰী জিলা বিকলাংগ সন্থাৰ সাধাৰণ সভাখন আজি নলবাৰীৰ ঐতিহ্যমণ্ডিত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুস্থিত  হয়। সাধাৰণ সভাখনত জয়ন্ত শৰ্মাই সভাপতিত্ব কৰে। কমল ডেকাই আত ধৰা আৰু  উদ্দেশ্য বাখ্যা কৰা সাধাৰণ সভাখনত সদৌ অসম বিকালংগ সন্থাৰ সভাপতি বিপুল দাসে ভাষণত   তেওলোকৰ ২১ দফীয়া দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে যদিও আজিলৈ কাৰ্যকৰী নোহাৱাত ক্ষোভ প্ৰকাশ কৰে। লগতে অতিশীঘ্ৰে চৰকাৰক তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনায়। উক্ত সাধাৰণ সভাত সদৌ অসম বিকলাংগ সন্থাৰ উপদেষ্টা হেদায়ত উল্লাহ, কাৰ্য্যকৰী সভাপতি দীলিপ ৰয়, যুটীয়া সম্পাদক মজাম্মিল হুইছেন, নলবাৰী জিলা  বিকালংগ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি চন্দ্ৰ তালুকদাৰ, প্ৰাক্তন সভাপতি ফজল হক চৌধুৰী, পূৱ কামৰূপ আঞ্চলিক বিকালংগ সন্থাৰ সভাপতি ৰাজিৱ চহৰীয়া অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক বিকলাংগ লোক উপস্থিত থকা সাধাৰণ সভাখনত মজমিল আলীক সভাপতি, চন্দ্ৰ তালুকদাৰক কাৰ্য্যকৰী সভাপতি আৰু কমল ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া নলবাৰী জিলা বিকলাংগ সন্থাৰ সমিতি খন গঠন কৰা হয়। চৰকাৰী চাকৰিৰ চতুৰ্থ বিভাগৰ মেৰিট লিষ্টত নাম অহা সকলো বিকলাংগ লোকক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিকলাংগ লোকসকলৰ। বিকলাংগ লোক সকলক পৰ্যাপ্ত সুবিধা প্ৰদান কৰি জীয়াই থকাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ বিকলাংগ সন্থাৰ। এতিয়া প্ৰশ্ন হয় কেতিয়া লৈকে প্ৰতিবন্ধী লোক সকলক নিযুক্তি দিব ৰাজ্য চৰকাৰে। নে ফাইলতে পৰি ৰ’ব প্ৰতিবন্ধী লোকসকলৰ সপোন।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।