ৰঙিয়া শিৱমন্দিৰ প্ৰাংগণৰ দুৰ্গা পূজাত উপস্থিত হৈ ল’ৰালি কালৰ কথা ৰোমন্থন কৰি নষ্টালজিয়া হৈ পৰিল ভৱেশ কলিতা

 10/04/2022 - 13:58
 
 
ৰঙিয়াঃ ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাংগনত শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাস্থলীত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপি দলত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসম বাসী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জনাই তেওঁৰ লৰালি কালৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজীয়া হৈ পৰা দেখা গ’ল। আগতে পূজা বুলি কলে বেলুন, হুইছেইল, ফটকা আদি বোৰ আছিল বৰ্তমানৰ যুগত এইবোৰ পাহৰণিৰ গৰ্ভত বুলি দোহাৰে ভৱেশ কলিতাই। আমাল লৰাকালত এনেদৰে সমূহীয়াভাবে লগ হ’লে কলৰ পাতত আহাৰ গ্ৰহণ কৰিছিলো। এতিয়া সেইবোৰ পাহৰণিৰ গৰ্ভত। মুঠৰ ওপৰত পূজা বুলি কলে যে অন্য এক মাদকতা লাভ কৰিছিলো বুলি উল্লেখ কৰে কলিতাই। ইফালে এতিয়া পৰিবৰ্তন হোৱা বুলি উল্লেখ কৰি কয় যে বৰ্তমান সময়ত সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, ভাৰতৰ সকলো ঠাইৰ পূজা সংবাদ মাধ্যমৰ জৰিয়তে চাব পৰা হ’ল বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে। সেইবাবে হয়তো পূৰ্বৰ সেই মাদকতা বৰ্তমান সময়ত নাই বুলি আক্ষেপ কৰে ভৱেশ কলিতাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।