জামুগুৰিহাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় কণ্ঠশিল্পী জেলি কেয়ি টামিৰ

 10/05/2022 - 13:04
 
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বালিজুৰি সাৰ্বজনীন দুৰ্গোৎসৱৰ এইবাৰ সোণালী জয়ন্তী উদযাপিত হয়। এই উদ্দেশ্যে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানৰ লগতে মঙলবাৰৰ সাংস্কৃতিক সন্ধ্যাৰ মূখ্য আকৰ্ষণ ইণ্ডিয়ান আইডলৰ ৰাষ্ট্ৰীয় মঞ্চত পুৰুষ-মহিলাৰ যাদুকৰি কন্ঠদান কৰা অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় কন্ঠশিল্পী জেলি কেয়ি টামিনে পৰিবেশন কৰা সংগীতানুষ্ঠানে চমক সৃষ্টিৰ কৰে। শিল্পীগৰাকীক অসমীয়া জাতীয় স্বাভীমান বৰফুলৰ গামোছা, ঢাকা টুপি আৰু প্ৰশংসা পত্ৰৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে উদযাপন কমিটিয়ে। অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় কন্ঠ শিল্পী জেলি কেয়ি টামিনে জামুগুৰিহাটৰ বালিজুৰি মঞ্চত পুৰুষ মহিলাৰ কন্ঠৰে পৰিবেশন কৰা গীত সমুহে হাজাৰ হাজাৰ দৰ্শকৰ মন মোহিত কৰিবলৈ সক্ষম হয়। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.