বাৰেৰহনীয়া ভাগৱত শোভাযাত্ৰাৰে মুখৰিত ধেমাজি পশ্চিম মাছখোৱা আমোলগুৰি গাঁৱৰ ৰাজপথ

 10/16/2022 - 17:45
 
 
 
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি পশ্চিম মাছখোৱা আমোলগুৰি বৰামৰা নামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি “একহৰণ হৰিনাম ধৰ্ম সমাজ” ঢকুৱাখনা সমিতিৰ বাৰ্ষিক অধিবেশনখনি পশ্চিম মাছখোৱা আঞ্চলিকৰ “বৰামৰা প্ৰাথমিক শাখা”ৰ সহযোগত অনুষ্ঠিত হয়। আজিৰ এই অধিবেশনৰ শেষৰ দিনাৰ ভাগৱত শোভাযাত্ৰৰ,কণ কণ মইনা সকলে পৰিৱেশন কৰা বৰগীত, কৃষ্ণ নৃত্য, সত্ৰিয়া নৃত্যই আৰু বিভিন্ন প্ৰান্তৰ আইমাতৃ সকলে পৰিৱেশন কৰা হৰিনামে মুখৰিত সমগ্ৰ পৰিবেশ। এই অধিবেশনত জিলা খনৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ সকলে হৰিনামৰ ধ্বনিয়ে মুখৰিত কৰে পৰিবেশউল্লেখযোগ্য যে এই অধিবেশনতে এক হৰন হৰিনাম ধৰ্ম সমাজৰ সংবিধান উন্মোচন কৰা হয়, সংবিধান খন উন্মোচন কৰে সদৌ অসম অনুসূচীত জাতীৰ ভাইচ ছেয়ামেন লক্ষিধৰ শেনচোৱা। গুৰুজনাৰ কৰ্মৰাজি আৰু অনবৈদ্য অৱদান সমাজৰ জীয়াই ৰখাৰ প্ৰচেষ্ঠা কৰা হ'ব বুলি  এক হৰন নামধৰ্ম সমাজৰ জিলা সভাপতি গৰাকীয়ে মন্তব্য কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।