10/19/2022 - 18:31
in
বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলিৰ কমলপুৰত মন্ত্ৰী পীয়ূষ হাজৰিকা। কমলপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চেতনা নামৰ আঁচনিখনৰ অধীনত জ্যেষ্ঠ নাগৰিক সকলক বাবে সজাগতা অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী গৰাকী। জ্যেষ্ঠসকলক সহায় কৰাৰ লগতে জ্যেষ্ঠ সকলৰ সমস্যাসমূহ কেনেদৰে নিৰ্মূল কৰিব পাৰি তাৰে কাৰ্য্যসূচীত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ। কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৰাহুল গান্ধীক জগতগুৰু শংকৰ দেৱৰ লগত তুলানা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোকে যি কৰে কৰি থাকক। আনফালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কত কয় যে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোক চৰিত্ৰহীন। এ আই ইউ ডি এফ কোন দিনা মিলি যায় তাৰ কোনো ঠিক নাই। আনফালে ৰাহুল গান্ধীক শ্ৰীমন্ত শংকৰ দেৱৰ লগত ভূপেন বড়াই তুলনা কৰা কাৰ্য্যক বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে এইয়া জধামুৰ্খৰ লক্ষণ। লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় গুৰুজনাৰ লগত তোষামোদ কৰাৰ বাবে অসমৰ ৰাইজে বেয়া পাইছে বুলি কয়। লগতে কংগ্ৰেছৰ ৰাজনীতিৰ পথাৰ খন প্ৰকাণ্ড শূণ্য হৈ যাবলৈৈ গতি কৰা বুলিও উল্লেখ কৰে।