10/20/2022 - 15:33
in
বিটিআৰৰ ই এম তথা মথনগুৰি পৰিষদীয় সমষ্টিৰ এম চি এল এ গৌতম দাসে ফিতাকাটি স্বাস্থ্য শিবিৰ মুকলি কৰে। সকলো স্বাস্থ্যকৰ্মীক জনসাধাৰণৰ সেৱাত মনোনিৱেশ কৰিবলৈ আহ্বান।
যোৱা ১৫ অক্টোবৰ তাৰিখে প্ৰতিবিম্ব লাইভত চুক্ৰুংবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক উপস্থিত নথকা সন্দৰ্ভত প্ৰচাৰিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ৷ পৰ্যাপ্ত স্বাস্থ্যকেন্দ্ৰত কৰ্মচাৰী অভাৱ হোৱাৰ কথা দোহাৰি গৌতম দাসৰ মন্তব্যঃ সীমিত সংখ্যক কৰ্মচাৰীয়ে চিকিৎসালয় চলাই নিয়াৰ আহ্বান চিকিৎসা কৰ্মীক৷ আজিৰ চিকিৎসা শিবিৰত কেইবা গৰাকী বিশেষজ্ঞ চিকিৎক, নাৰ্ছ, লেবৰেটৰী টেকচিয়ান উপস্থিত হৈ ৰাইজক চিকিৎসা প্ৰদান৷ শিবিৰত তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ৷