10/20/2022 - 17:16
in
নাৰায়্ণপুৰঃ ১৯৯৬ চনত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতন ধলপুৰে অনিৰুদ্ধ প্ৰগতিৰ দিশে ধাৱমান হৈ বৰ্তমানে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত প্ৰদাৰ্পণ কৰিছে। চলিত বৰ্ষটি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপিত হৈ থকা নিকেতনখনে অহা ২২,আৰু ২৩ অক্টোবৰত দুদিনীয়া কায্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰিবলৈ প্ৰস্তুত হৈছে। উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ, বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা,প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকা,ডঃ দিবাকৰ চন্দ্ৰ ডেকা।