10/21/2022 - 13:23
in
বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলিৰ কমলপুৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আৰু কমলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত কমলপুৰৰ সমীপত বৰশীল উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই স্বাস্থ্য শিবিৰ। অঞ্চলটোৰ প্ৰায় ২৫০ গৰাকী বয়োজ্যেষ্ঠ লোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ৬০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰোৱায়। লগতে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰোৱাই বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। আজিৰ স্বাস্থ্য শিবিৰত প্ৰসুতি ৰোগ, শিশু ৰোগ, চকু, দন্ত ই এন টি, মেডিচিন আদি ৰোগৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। চিকিৎসা শিবিৰটো মুকলি কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গোপীনাথ বড়াই।