10/23/2022 - 10:09
in
বাহাৰঘাটঃ নলবাৰী জিলাৰ অন্তৰ্গত বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ বাৰ্ষিক উৎসৱৰ কালি সন্ধিয়া সামৰণি পৰে৷ তদুপলক্ষে আবেলি নিকেতন পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক গীতিকাৰ গৌতম শৰ্মা৷ নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰিদেৱ ভট্টাচাৰ্য৷
উক্ত সভাতে নিকেতনৰ বিভিন্ন খেল-ধেমালি আৰু সুকুমাৰ কলাত পাৰদৰ্শিতা দেখুৱা ছাত্ৰ-ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণৰ লগতে অঞ্চলটোৰ দুই অৱসৰি কৃতি শিক্ষক ক্ৰমে থানেশ্বৰ গোস্বামী আৰু প্ৰভাৱতী দেৱীক গামোছা, জাপি, মানপত্ৰ আৰু কলমৰে সম্বৰ্ধনা জনাই৷ আচাৰ্য দেৱকান্ত ভট্টাচাৰ্যই সভাৰ আতধৰা সভাত বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰে৷ বন্তি প্ৰজ্বলন কৰে পৰিচালনা সমিতিৰ সম্পাদক মহেশ্বৰ ভট্টাচাৰ্যই৷ উল্লেখ্য যে যোৱা ১৫ অক্টোবৰৰ পৰা আজিলৈকে সাতদিনীয়াকৈ আয়োজিত বাৰ্ষিক উৎসৱৰ প্ৰথমদিনা বন্তি প্ৰজ্বলন আৰু নিকেতনৰ পতাকা উত্তোলনৰে আৰম্ভ কৰা অনুষ্ঠানটিত নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰমে খেল-ধেমালি ও সুকুমাৰ কলা প্ৰতিযোগিতাৰ লগতে মাতৃ সন্মিলনো অনুষ্ঠিত কৰে৷