10/23/2022 - 14:11
in
নাৰায়্ণপুৰঃ ১৯৯৬ চনত স্থাপিত হোৱা শংকৰদেৱ শিশু নিকেতন ধলপুৰে অনিৰুদ্ধ প্ৰগতিৰ দিশে ধাৱমান হৈ বৰ্তমানে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত প্ৰদাৰ্পণ কৰিছে।চলিত বৰ্ষটি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপিত হৈ থকা নিকেতনখনে যোৱাকালিৰ পৰা দুদিনীয়া কায্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰিছে তেওঁলোকৰ এই গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ।আৰু আজি দ্বিতীয় দিনা কাৰ্যসূচীৰ পুৱাৰ ভাগত এক সাংস্কৃতিক শোভাযাত্ৰাৰে তেওঁলোকৰ যি দ্বিতীয় দিনাৰ কায্যসূচী আৰম্ভণি কৰা হয়।উক্ত সাংস্কৃতিক শোভাযাত্ৰা কায্যসূচীত বিভিন্ন ধৰণৰ দলীয় নৃত্য,দিহানাম, ভাওনা,আদি বিভিন্ন ধৰণৰ বৰ্ণিল কায্যসূচীৰে এই শোভাযাত্ৰা আয়োজন কৰা হয়।আৰু ইয়াৰ পিছৰ কায্যসূচীৰ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা,অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ,বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা,প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকা,ডঃ দিবাকৰ চন্দ্ৰ ডেকা।