ধেমাজি জিলাৰ বৃহত্তৰ বৰদলনিবাসী ৰাইজৰ সৌজন্যত জিয়াঢল মথাউৰি সুৰক্ষা হকে ভাওনা প্ৰদৰ্শন

 10/24/2022 - 13:57
 
 
ঢকুৱাখনাঃ ধেমাজি জিলাৰ বৃহত্তৰ বৰদলনীবাসী ৰাইজৰ সৌজন্যত জিয়াঢল মথাউৰি সুৰক্ষা হকে সমূহ বৰদলনীবাসী ৰাইজৰ সৌজন্যত জিয়াঢল বাকৰিত ভাওনা প্ৰদর্শন। জীয়াঢল আৰু কুমতিয়া নদীৰ বানে বৃহত্তৰ অঞ্চলটো প্ৰত্যেক বছৰে জুৰুলা কৰি আহিছে এই অঞ্চলৰ ৰাইজক। কৃষকৰ সপোনৰ লগতে প্ৰতি বছৰে এই বৃহত্তৰ অঞ্চলটো ৰাইজক সৰ্বস্বান্ত কৰি আহিছে। এই জিয়াঢল নদীৰ ভয়াবহতা কালৰূপ ধাৰণ কৰি আহিছে প্ৰত্যেক বছৰে।যাতে সেই জিয়াঢল নদীৰে ভয়াৱহতা কালৰূপ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ভাওনা প্ৰদর্শন অঞ্চলটোৰ ৰাইজৰ।
ৰাইজে চৰকাৰক অনুৰোধ জনাইছে যাতে জিয়াঢল কুমতিয়া নদীৰ পাৰৰ জয়ৰাম পুৰ পৰা বগলী জান মাথাউৰিটো পকীকৰণ কৰি বৃহত্তৰ বৰদলনীবাসী ৰাইজেৰ সমস্যা সমাধান কৰিবলৈ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।