10/25/2022 - 12:32
in
ঢকুৱাখনাঃ সমাজৰ অৱহেলিত, নিষ্পেষিত মাতৃ তথা পিতৃসকলৰ সেৱাৰ অৰ্থে গোবিন বৰদলৈ নামৰ ব্যক্তিজনে আজি বহুবছৰৰ পৰা অসমৰ চুকে-কোণে অনুষ্ঠিত কৰি অহা 'মা' শীৰ্ষক অনুষ্ঠানটি এইবাৰ নিজ জন্ম গাঁও আমোলগুৰিত অনুষ্ঠিত কৰা হয়। তাৰ উপৰি বিগত ক’ৰণা কালীন সময়ত তেখেতৰ পত্নী আৰু দুজন ভাতৃৰ বিয়োগৰ কাজ-কৰ্ম অনুষ্ঠিত কৰিব নোৱাৰি সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে এক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰো অনুষ্ঠিত কৰে। এই অনুষ্ঠানত ৰাজ্যিক খ্যাতিসম্পন্ন ভাগৱত ব্যাখ্যাকাৰক প্ৰাণজিত গগৈয়ে অংশ লৈ সকলোকে আপ্লুত কৰি তোলে।প্ৰতিকূল বতৰকো নেওচি দূৰ দূৰণিৰ পৰা অহা মাতৃ আৰু পিতৃসকলক এই অনুষ্ঠানতে গোবিন বৰদলৈয়ে একোখন বস্ত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনাই সেৱা লোৱা দেখা যায়।