10/25/2022 - 17:19
in
বাইহাটা চাৰিআলিঃ ৰাজ্যৰ শিক্ষা খণ্ডৰ সামূহিক বিকাশৰ অৰ্থে চৰকাৰে লৈছে নিতৌ নতুন অভিলাষী আঁচনি। ৰাজ্যখনত অৱস্থিত মাধ্যমিক বিদ্যালয় সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এক অভিলাষী আঁচনি। যি সমূহ মাধ্যমিক বিদ্যালয়ৰ নিজাকৈ ভূমি আছে সেই সমূহ বিদ্যালয়ৰ পুৰণি গৃহ সমূহ ভাঙি নতুন বিদ্যালয় গৃহ তৈয়াৰ কৰি দিয়াৰ বাবে প্ৰবৰ্তন কৰিছে অভিলাষী আঁচনি। কিন্তু ইয়াৰ বিপৰীতে সেই সমূহ অঞ্চলত থকা বিদ্যালয়ৰ লগত জড়িত মানুহৰ আবেগ অনুভুতিক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰিব ৰাজ্য চৰকাৰে। লগতে জালুকবাৰী বিধানসভা সমষ্টিৰ ৰংমহল আৰু চাংসাৰিত অবস্থিত বিদ্যালয় দুখন একত্ৰিত কৰি আদৰ্শ বিদ্যালয় স্থাপন কৰিব বুলি ঘোষণা কৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।