10/27/2022 - 17:59
in
ৰঙিয়াঃ ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ ৩৫ তম বাৰ্ষিক অধিবেশনখন বৃহস্পতিবাৰে ৰঙিয়া বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিপুল চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৰঙিয়া মহকুমাৰ বিভিন্ন চৰকাৰী কায্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। সভাত বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে কৰ্মচাৰী পৰিষদৰ বিভিন্ন দিশ উল্লেখ কৰাৰ উপৰিও সাংগঠনিক দিশত বক্তব্য ৰাখে। বিশেষ কৈ এন পি এচ কৰ্মচাৰীসকলে কৰি থকা আন্দোলনত কৰ্মচাৰী পৰিষদে সহযোগ কৰিব বুলিও প্ৰস্তাব গ্ৰহণ কৰে। অবসৰ গ্ৰহণ কৰা মাষ্টৰ ৰ'ল ওৱাৰ্কছ কৰ্মচাৰী সকলক অৱসৰৰ সময়ত এককালিন সাহায্য দিয়াৰ লগতে কৰ্মচাৰী সকলক স্বাস্থ্য বীমা প্ৰদান কৰিবলৈ বুলি দাবী জনাই। ইফালে ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰে ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিপুল চক্ৰৱৰ্তীয়ে। বৃক্ষৰোপণ কৰে ডা: চফিকুল হ'কৰ লগতে কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন উপ সভাপতি নৰেন্দ্ৰ শৰ্মাৰ আৰু সদৌ অসম মাস্তাৰৰ'ল কৰ্মচাৰী সন্থাৰ সভাপতি আজিৰ আলীয়ে। সভাত সৰ্বসন্মতি ক্ৰমে সৰ্বেশ্বৰ লহকৰক সভাপতি আৰু মোহন মাধৱ বৰ্মনক সাধাৰণ সম্পাদক হিচাপে ৩১ জনীয়া ৰঙিয়া জিলা সমিতিটো গঠন কৰা হয়।