10/28/2022 - 15:39
in
ধুবুৰীঃ ধুবুৰীত ১২ সংখ্যক ৰাজবংশী ভাষা দিৱস উদযাপন। ধুবুৰী জিলা আৰু ধুবুৰী শাখা কোচ ৰাজবংশী সাহিত্য সভাৰ উদ্যোগত আৰু কোচ ৰাজবংশী সাহিত্য সভা আৰু ৰাজবংশী ভাষা শিক্ষা সংসদৰ সহযোগত আজি ধুবুৰী জিলা পুথিভঁৰালত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ১২ সংখ্যক ৰাজবংশী ভাষা দিৱস। ইয়াৰ লগত সংগতি ৰাখি আজি দিনৰ ১২ বজাত ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ পৰা পাঁচ শতাধিক কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকল উপস্থিতিত এক বৰ্ণিল সাংস্কৃতিক উলিওৱা হয়। উক্ত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলা অতিৰিক্ত উপায়ুক্ত আৰু ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা০ দেবময় সান্যালে।