10/29/2022 - 11:58
in
খাৰুপেটীয়াঃ দুৰ্গাপূজা আৰু দিপাৱলীৰ পিছত দেশৰ আন আন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়াতো ষট পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়াকৈ নদীৰ ঘাটত আয়োজন হ’বলগীয়া ষট পূজাস্থলীত ভগৱান সূৰ্য দেৱতা "ষঠী মৈয়া" ৰ লগতে আন আন দেৱ-দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা ধুম-ধামেৰে অনুষ্ঠিত কৰিবলৈ খাৰুপেটীয়া মেলা ঘাটত ব্যাপক প্ৰস্তুতি চলাইছে বৃহত্তৰ খাৰুপেটীয়া কেন্দ্ৰীয় ষট পূজা কমিটিয়ে। এই উপলক্ষে ভক্তৰ বাবে খাৰুপেটীয়া মেলা ঘাটত অস্হায়ী মন্দিৰ নিৰ্মাণ কৰি আলোক সজ্জাৰে সজ্জিত কৰা কাৰ্য তীব্ৰ গতিৰে চলি আছে।