ঘিলামৰাৰ ঘাঁহি গাঁৱত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ প্ৰস্তুতি

 10/29/2022 - 13:34
 
 
ঢকুৱাখনাঃ সত্ৰ নগৰী মাজুলীৰ দৰে ঘিলামৰাৰ ঘাঁহি গাঁৱতো পৰম্পৰাগত ভাৱে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ প্ৰস্তুতি। অহা ৭ আৰু ৮ নবেম্বৰত 'ঘিলামৰাৰ ঘাঁহি গাঁৱৰ নাট্য মন্দিৰত দুদিনীয়াকৈ উদযাপন কৰিবলগীয়া এই ৰাসলীলাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। ঘিলামৰা অঞ্চলৰ ন-পূৰণি শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ কৰাৰ লগতে সম্পূৰ্ণ থলুৱা শিল্পীৰ দ্বাৰা পৰিৱেশন কৰিব ৰাসলীলা। এই ৰাসলীলা থলুৱা শিল্পীৰ দ্বাৰা মঞ্চস্থ কৰিব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে। আনফালে ঘিলামৰাৰ কৃষ্টিভৱন প্ৰাঙ্গনত ১০ নৱেম্বৰত এদিনীয়াকৈ উদযাপন কৰিব ৰাসলীলা। এইবৰ্ষ ৰাসত জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনীয়ে ৰাধা চৰিত্ৰত মুকুন্দ মাধৱে শ্ৰীকৃষ্ণ চৰিত্ৰত অভিনয় কৰিব। নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী আৰু কিশোৰ কিশোৰী সকলেও অভিনয় বাবে চলাইছে ব্যাপক প্ৰস্তুতি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।