বাঘবৰৰ ধৰ্মপুৰত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন, ৫ শতাধিক লোকক চিকিৎসা প্ৰদান

 10/29/2022 - 14:09
 
  
 
 
নগৰবেৰাঃ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ NHM ৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা স্বাস্থ্যৰ উদ্যোগত আৰু মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত ২৮ তাৰিখ শুকুৰবাৰৰ দিনা দিনযোৰা কাৰ্যসূচীৰে ভাতনাপাইতি সুখুৱাৰঝাৰ ধৰ্মপুৰ হাইস্কুলত মেঘা স্বাস্থ্যমেলাৰ আয়োজন কৰে। অতি দুৰ্গম ঠাই হিচপে চিহ্নিত যোৱা হেতুকে ভালে সংখ্যক অভিজ্ঞ চিকিৎসকে স্বাস্থ্য শিবিৰত বিনামূলীয়া চিকিৎসা প্ৰদানৰ উপৰিও মেলেৰিয়া, টাইফয়েডৰ বাবে তেজৰ নমুনা আৰু খেকাৰ আদিৰ নমুনাও সংগ্ৰহ কৰে পৰীক্ষাৰ বাবে। অভিজ্ঞ চিকিৎসক সকলোৰ ভিতৰত শিশু বিশেষজ্ঞ, প্ৰসুতি,মেডিছিন,চকু বিশেষজ্ঞকে আদি কৰি একাধিক বিভাগৰ চিকিৎসকে ৰাইজৰ মাজৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰে।চিকিৎসক সকলোৰ লগতে এম পি ডব্লিউ,নাৰ্ছ,লেব টেকনেছিয়ান আৰু আশা কৰ্মী সহ প্ৰায় ডেৰশ গৰাকী স্বাস্থ্য কৰ্মীৰ সহযোগত সম্পন্ন হয় বিশেষ স্বাস্থ্য মেলা।
 
স্বাস্থ্য শিবিৰটোত বিভিন্ন অঞ্চলৰ অহা প্ৰায় পাঁচশৰো অধিক ৰুগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে।স্বাস্থ্য সেৱা শিবিৰত প্ৰসূতি আৰু শিশুৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰসূতি সকলোক নিয়মীয়া স্বাস্থ্য সেৱা(Checkup)কৰি থকাৰ পৰামৰ্শ দিয়ে লগতে জন্মৰ পৰা ১৮ বছৰৰ তলৰ শিশু সকলোৰ হাৰ্ট,দিব্যাংগ আদি যিকোনো জটিল ৰোগৰ চিকিৎসা বিনামূলীয়াভাৱে চৰকাৰে কৰিব বুলিও ৰাইজক অৱগত কৰে আৰু তেনে কোনো শিশুৰ সম্বেদ লাভ কৰিলে স্বাস্থ্যকৰ্মী সকলোৰ লগত তৎক্ষণাত যোগাযোগ কৰিবলৈও আহ্বান জনায়স্বস্থ্য শিবিৰত ৰাইজেও অভূতপূৰ্ব সহাৰি জনোৱাৰ লগতে মহিলে সকলোৰ সহযোগিতা অধিক বুলি মত পোষণ কৰে চিকিৎসক সকলেউল্লেখ্য যে অতি দূৰ্গম এলেকাত এনে ধৰণৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰি সৰ্বসাধাৰণ ৰাইজক সেৱা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ লগতে জিলা উপায়ুক্ত আয়ুস গাৰ্গক ধন্যবাদ জানইছে অঞ্চলবাসী ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।