ব্ৰহ্মপুত্ৰ ভেলী জাতীয় বিদ্যালয়ত জাৰ্মানীৰ সঁজাতি দল

 10/30/2022 - 14:54
 
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ জাৰামাৰীস্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, ব্ৰহ্মপুত্ৰ ভেলী জাতীয় বিদ্যালয়ত শনিবাৰে আহি উপস্থিত হয়হি জাৰ্মানীৰ এটি সজাঁতি দল। সজাতি দলটোক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়। জাৰ্মানীৰ পৰা অহা সজাতি দলটোৱে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে এক মত-বিনিময়ৰ অনুষ্ঠানত ভাগ লয়। বিদেশী সজাতি দলটোৱে নগাঁও জিলাৰ অতিকে ভিতৰুৱা ঠাইৰ শৈক্ষিক পৰিৱেশ দেখি আপ্লুত হৈ পৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।