কামৰূপৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

 10/31/2022 - 14:25
 
 
 
কামৰূপৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন। মহাবিদ্যালয় এন এছ এছ গ্ৰুপ আৰু আই কিউ এ চেলৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত উদযাপন কৰে একতা দিৱস৷ স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশে পালন কৰিছে ৰাষ্ট্ৰীয় একতা দিৱস।
 
তদুপলক্ষে কামৰূপৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়তো ছাত্ৰ-ছাত্ৰীসকলে একতাৰ দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কা‌ৰসূচীৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ আই কিউ এ চেলৰ সমন্বয়ক খাইৰুজ জামানে। একতাৰ দৌৰ কাৰ্য্যসূচী পৰিচালনা কৰে এন এছ এছ গ্ৰুপৰ সমন্বয়ক জ্যোতিৰ্ময় ডেকা, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°পাচান আলী আৰু আই কিউ এ চেলৰ সহ সমন্বয়ক তপন কুমাৰ শৰ্মাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।