ঢকুৱাখনাত বলাহী নৈৰ ওপৰত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

 10/31/2022 - 18:15
 
 
ঢকুৱাখনাঃ চৰকাৰলৈ বাট চাই চাই ভাগৰি পৰি ঢকুৱাখনাৰ এটা অঞ্চলৰ ৰাইজে নিজেই নিৰ্মাণ কৰিছে বাঁহৰ দলং। ঢকুৱাখনা সমষ্টিৰ মৰনৈ পঞ্চায়তৰ হাতীগড়বাসীয়ে গাঁঠিৰ ধন ভাঙি বলাহী নৈৰ ওপৰত সাজিছে ১০০ফুট দীঘল বাঁহৰ দলং। বলাহী নৈৰ ওপৰত দলং নথকাত বছৰ বছৰ ধৰি টুলুঙা নাৱৰে ইপাৰ-সিপাৰ হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। দলং নথকাৰ বাবেই ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ স্বাস্থ্য সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে অঞ্চলবাসীয়ে। বলাহী নৈৰ ওপৰত এখন পকী দলঙ বনাবৰ বাবে ৰাইজে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি নৱ কুমাৰ দলেক বাৰম্বাৰ অনুৰোধ কৰি আহিছিল যদিও আজিও পূৰণ ন'হল ৰাইজৰ অভাৱ। ৰাইজৰ দুৰ্ভোগ মষিমূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।