সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

 11/02/2022 - 13:38
 
 
 
 
টীয়কঃ এইয়া যে উৎসৱৰ বতৰ, দুর্গা পূজা, দীপাৱলী, কাতি বিহুৰ পিছত এতিয়া ৰাসোৎসৱৰ বতৰ। ৰাজ্যৰ চৌপাশে এতিয়া শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈছে। সত্ৰ নগৰী মাজুলিৰ লগতে বিভিন্ন অঞ্চলত বিয়লিৰ পৰা দুপৰ নিশালৈকে ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে ডেকা গাভৰুসকল। ৰাসত অভিনয় কৰা শিল্পীসকলৰ সমানে সমানে ব্যস্ততা বাঢ়িছে এতিয়া সাজ সজ্জা, মঞ্চসজ্জাৰ লগত জড়িত কলা কৌশলী সকলৰো। কোনে কিমান সুন্দৰকৈ এযোৰ পোচাক আৰু মুকুত তৈয়াৰ কৰি মঞ্চত প্ৰদৰ্শন কৰিব পাৰে তাৰো চলিচে এক অ-ঘোষিত প্ৰতিযোগিতা। ব্যতিক্রম নহয় টীয়কো, টীয়কৰ এটি আগাশাৰী পোচাক ভাণ্ডাৰ সুদৰ্শন পোচাক ভাণ্ডাৰটো এতিয়া সীমাহীন ব্যস্ততা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।