উত্তৰ পূৰ্বাঞ্চল জনগোষ্ঠীয় সাংস্কৃতিক সমন্বয় ঐক্য মঞ্চ গঠন

 11/02/2022 - 13:45
 
 
 
কাকপথাৰঃ উত্তৰ পূৰ্বাঞ্চল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ গঠন কৰা হয়। কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘত গঠন কৰা হয় এই সমিতিখন। সভাপতি ৰাজেশ কিছান আৰু সম্পাদক পুষ্প ধৰ দুৱৰীকে ধৰি উত্তৰ পূৰ্বাঞ্চল শতাধিক ৰাইজক লৈ এই সমিতিখন গঠন কৰা হয়।
 
 
উক্ত অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনমুন দেৱ গোস্বামী, কাকপথাৰ চুপোহা সত্ৰৰ সত্ৰাধিকাৰ, হিমান্ত মৰাণ, যতীন বৰুৱা, বলীন হতিবৰুৱা আৰু কাকপথাৰ বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। এই সমিতিখনে অনাগত দিনত উত্তৰ পূৰ্বাঞ্চল জনগোষ্ঠী সমূহৰ মাজত একতা, সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু সাংস্কৃতিক সম্বলসমূহ সংৰক্ষণ কৰা প্ৰচেষ্টা চলাই যাব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।