11/02/2022 - 18:41
in
চাপৰঃ সমগ্ৰ ৰাজ্যতে এতিয়া ৰাসৰ প্ৰস্তুতি। চাপৰৰ আৰেয়াৰঝাৰতো দেখা গৈছে শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰিব ১০৩ তম ৰাস মহোৎসৱটি। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ স্বৰ্গীয় বশিষ্ঠ দেৱ শৰ্মা দেৱক শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰিব কাৰ্যসূচীৰ। ৭ নবেম্বৰৰ পৰা ১৩ নবেম্বৰলৈকে মুঠ ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন হ’বলগীয়া ১০৩ তম ৰাস মহোৎসৱটিৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী ময়ুৰী শইকীয়াৰ গীতৰ শৰাইৰ লগতে থাকিব যাত্ৰাভিনয়। উক্ত সমূহ কাৰ্য্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।