11/05/2022 - 14:03
in
গৌৰীপুৰঃ পুনৰ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী তুলিছে Kamatapur Progressive পাৰ্টিয়ে। আজি গৌৰীপুৰ KPP পাৰ্টিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে KPP ৰ কেন্দ্ৰীয় কমিটিয়ে। সংবাদ মেলত কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ মানচিত্ৰ সদৰী কৰে। তেওঁ কমতাপুৰ ৰাজ্য গঠনৰ বাবে বিহাৰ ৰাজ্যৰ চাৰিখন, অসমৰ ২ খন আৰু পশ্চিম বংগৰ ৮ খন মুঠ ১৪ খন লোক সভা সমষ্টিক সামৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰস্তাৱ দাঙি ধৰিছে KPP দলে।