11/05/2022 - 20:00
in
অসমত কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ আজি পঞ্চম দিন। অসমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ১ নবেম্বৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈকে "ভাৰত জোড়ো যাত্ৰা, আৰম্ভ কৰিছে। গোলকগঞ্জ, গৌৰীপুৰ, বিলাসীপাৰা পশ্চিম সমষ্টিৰ পিছত আজি ভূপেন বৰাই চাপৰ উপস্থিত হৈ অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী স্বৰ্গীয় শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। আজিৰ যাত্ৰা চাপৰৰ ঐতিহাসিক ধীৰবিলৰ পাৰৰ ধীৰঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি চাপৰ টাউনৰ গান্ধী ময়দানত সমাপ্ত কৰে। ভূপেন বৰাক সহযোগ কৰে কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই। ভাৰত জোড়ো যাত্ৰা অসমত আজি পঞ্চমদিনাৰ কাৰ্যসূচীলৈ ব্যাপক সঁহাৰি বিলাসীপাৰা পূৱ সমষ্টিৰ ৰাইজে। বিলাসীপাৰা পূৱ সমষ্টিৰ ধীৰঘাটৰ পৰা হাজাৰ হাজাৰ সমৰ্থক লৈ বিভিন্ন সাংস্কৃতিক নৃত্য-গীত, চৰ অঞ্চলৰ জনপ্ৰিয় নাওঁ খেলৰ নৃত্যৰ তালে তালে আজি ৬ কিলোমিটাৰ বাট পদব্ৰজে অতিক্ৰম কৰি সন্ধিয়াত বিলাসীপাৰা পূৱ সমষ্টিৰ চাপৰত সামৰণি মাৰে। পদযাত্ৰা সামৰণি মাৰি উপস্থিত ৰাইজক সম্বোধন কৰি দলৰ নেতাসকলে এখন ৰাজহুৱা সভাত ভাগ লয়। উক্ত সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই উপস্থিত ৰাইজক সম্বোধন কৰি বিজেপি আৰু এ আই ইউ ডি এফএফক ক্ষুৰ দাৰ সমালোচনা কৰা দেখা যায়৷