সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

 11/07/2022 - 14:14
 
 
কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ অঞ্চলক সমিতিৰ পঞ্চাদশ দ্বি-বাৰ্ষিক অধিবেশন আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন খনি ৪ নৱেম্বৰৰ পৰা তিনিদিনীয়া কৈ কাকপথাৰ কছিজান খেলপথাৰত অনুষ্ঠিত হয়। বিভিন্ন গীত, ৰচনা, কবিতা, চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত মৰাণ ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া সংগ্ৰাম খন কনকৈ আৰু অধিক গতি প্ৰদান কৰিব তাক লৈ আলোচনা কৰা হয়। কালি অনুষ্ঠিত মুকলি সভাত নিদিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মিদুল দহুতিয়াই। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকৰ শংকৰ জ্যোতি বৰুৱা, টাই আহোম ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁই, চাহ জনজাতি, মটক আদিৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে। ৩ দিনীয়া কৈ অনুষ্ঠিত কৰা এই অধিবেশন খনত কাকপথাৰৰ লগতে তিনিচুকীয়া জিলাৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।