কচুৱাৰ জুৰিপাৰত আৰ টি আই কৰ্মীৰ সংবাদ মেল

 11/07/2022 - 15:16
 
 
 
কামপুৰঃ নগাঁও জিলাৰ যোগান বিভাগৰ অধিনষ্ঠ কচুৱাৰ মাধৱপুৰ সমবায়ত 2021-22 বৰ্ষত বৃহৎ; আটা কেলেংকাৰী হোৱাৰ অভিযোগ আনিছে এজন আৰ টি আই কৰ্মীয়ে। উল্লেখ্য যে সমবায় খনৰ অধিনৰ জুৰিপাৰৰ জালাল উদ্দিন নামৰ এজন লোকে যোগান বিভাগত মধুপুৰ সমবায়ত চৰকাৰী ভাৱে আৱণ্টিত আটাৰ ওপৰত তথ্য জনা আইনত আবেদন কৰাৰ পিছত সমাবায় খনত চলি থকা এই বৃহৎ কেলেংকাৰী পোহৰলৈ অহা বুলি আজিৰ সংবাদমেলত তথ্য সহকাৰে প্ৰকাশ কৰে। সংবাদমেল সমবায়ৰ সচিব অনন্তু বৰা এই স্বাক্ষৰিত এই আটা সমবায়লৈ অহা বুলি সংবাদমেলত প্ৰকাশ কৰে জালাল উদ্দিনে। সংবাদমেলত জালাল উদ্দিনে সমস্ত বিষয় তদন্ত কৰি ব্যৱস্থা লোৱাৰ দাবী কৰিছে জালাল উদ্দিনে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।