বাক্সাৰ খাৰিজা বিজনীত উলহ-মালহেৰে আৰম্ভ হ'ল শ্ৰী শ্ৰী ৰাস মহোৎসৱ

 11/08/2022 - 12:43
 
 
শালবাৰীঃ বাক্সাৰ খাৰিজা বিজনীত উলহ-মালহেৰে আৰম্ভ হ'ল সাৰ্বজনীন শ্ৰী শ্ৰী ৰাস মহোৎসৱ৷ ৰাজ্যৰ সমান্তৰালভাৱে বাক্সাৰ খাৰিজা বিজনীৰ ওদালগুৰীত উলহ-মালহেৰে আৰম্ভ হ'ল ৰাস মহোৎসৱ৷ খাৰিজা বিজনীৰ একমাত্ৰ ৰাস মহোৎসৱস্থলী ওদালগুৰীত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৭৮ তম বাৰ্ষিক ৰাস মহোৎসৱ৷ মুখ্যদ্বাৰ মুকলি, বন্তি প্ৰজ্বলন, ভাগৱত পাঠ, নাম কীৰ্তন আদিৰে আৰম্ভ হয় প্ৰথম দিনৰ কাৰ্যসূচী৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।